✕
Assamese
Assamese
[Intro]
মনে নাজানো কি যে বিচাৰে
এটি নৈ সুখৰ এটি দুখৰে
দুটি নিৰলে বৈ যায়
ঘুৰি পিছলৈ নাচায়
[Verse]
হঠাত জীৱনে নতুন আদৰে
আশা দুচকুত আদৰি আনে
নতুন পুৰণি হৈ যায়
ঘুৰি অতীতলে চায়
দাপোনৰ অসীম পৰিধি চোৱা
অহাপুৱালে আজি কিয় ভাবা
জীৱন এমুঠি বালি
ভাবি কিনো হ'ল কালি
[Verse]
সপোনৰ অনেক সমাধি চোৱা
মৰিশালিত ৰ'ল পোৱা নোপোৱা
আশা সদায় অনাদি
অসীম হৃদয়ৰ আধি
লোৱানা মচি আবিৰ দুখৰে
এখোজ দি চোৱা নতুন পথেৰে
অতীত ভটীয়াই নাহে
সিও তো সময়ৰ দৰে
Comments





