Английский request for "নেপালী যদিও অসমীয়া মই (Nepali Jadio Axomiya Moi)"

Help translate from Ассамский to Английский song নেপালী যদিও অসমীয়া মই (Nepali Jadio Axomiya Moi) by Surekha Chhetri
Requested by: Red roses in the evening Red roses in the evening on 19 Фев 2025 - 14:14
Подписаться Подписаться
Оригинальный текст
Ассамский
Перевод
Английский

নেপালী যদিও অসমীয়া মই

পৰ্বতীয়া মেঘৰে বুকুত ওমলা
পাহাৰী মই ছোৱালী
নুসুধিবা মই লিম্বু, গুৰুং নে মগৰ
ৰাই তামাং নে গোৰ্খালী
এই সেউজী অসমত, সেউজীয়া মন
পুৱাৰ কোমল ৰ'দালি
 
মায়াক' চুবাচ ছৰ্ন খ'জ্ছু ম
হে, নেপালী ভএ নি আচামীয়া হুঁ ম
বোৱাব বিচাৰোঁ মৰমৰে নৈ
নেপালী যদিও অসমীয়া মই
 
দেউৰা নাচি দিওঁ মই মাদলটি বাজিলে
কঁকাল ভাঙি নাচোঁ ঢোলৰ চাপৰতে
দ'হ'ৰী যিদৰে গাওঁ মই উলাহত
বিহু নাম জুৰিবও জানোঁ বহাগত
এই সোনালী অসমৰ সোনালী মাটিত
সপোন ৰচোঁ সোনোৱালী
 
মায়াক' চুবাচ ছৰ্ন খ'জ্ছু ম
হে, নেপালী ভএ নি আচামীয়া হুঁ ম
বোৱাব বিচাৰোঁ মৰমৰে নৈ
নেপালী যদিও অসমীয়া মই
 
চপনাক' খলবল, প্ৰেমক' হলচল
জুৰিটিৰ পানীতে নিজকে যেন চাওঁ
লাজতে মৰহি কিনো যে ভাবি ৰওঁ
এই কুমলীয়া মন উৰি ফুৰিছে
শদিয়া, ধুবুৰী, মাজুলী
 
মায়াক' চুবাচ ছৰ্ন খ'জ্ছু ম
হে, নেপালী ভএ নি আচামীয়া হুঁ ম
বোৱাব বিচাৰোঁ মৰমৰে নৈ
নেপালী যদিও অসমীয়া মই
 
Войдите или зарегистрируйтесь, чтобы опубликовать перевод
expand collapse О песне
azulatul azulatul
добавлено 4 Май 2020 - 04:56
Редактировали:
Комментарий:

মায়াক' চুবাচ ছৰ্ন খ'জ্ছু ম, হে, নেপালী ভএ নি আচামীয়া হুঁ ম (নেপালীত - मायाको सुवास छर्न खोज्छु म) = মৰমৰ সুবাস বোৱাব বিচাৰোঁ মই

হে, নেপালী ভএ নি আচামীয়া হুঁ ম (नेपाली भए नि आसामिया हुँ म) = নেপালী যদিও অসমীয়া মই

চপনাক' খলবল, প্ৰেমক' হলচল(सपनाको खलबलम प्रेमको हलचल)

Переводы

Войдите или зарегистрируйтесь, чтобы оставить комментарий.
Вход в систему Вход в систему Пользователь Зарегистрироваться